কিছু মনৰ কথা

WhatsApp Image 2025 03 01 at 7.24.00 PM

কিশোৰ বৰা-মুখ্য পৰিচালন সঞ্চালক, ND24

 

অসম আন্দোলনৰ ভৰপক সময় আৰু ইয়াৰ তীব্ৰতা আমি প্ৰয়াত পিতৃ থানেশ্বৰ বৰাৰ গভীৰ দৃষ্টিৰে দেখিয়েই বুজিছিলোঁ। সেই সময়ৰ আমাৰ কৈশোৰ দৃষ্টিত পৰিছিল অসম আৰু অসমীয়াত্বক লৈ দেউতাহঁতৰ দুচকুত তিৰবিৰাই থকা অলেখ সপোন আৰু সম্ভাৱনাবোৰ। ডিব্ৰুগড়ৰ আমাৰ ঘৰখন যিদৰে জাতীয়তাবাদৰ ভাতঘৰ স্বৰূপ আছিল, ঠিক একেদৰে ডিব্ৰুগড় সাহিত্য সভাৰো যেন ই আছিল চ’ৰাঘৰ। অসমৰ সাহিত্য আৰু সাংস্কৃতিক জীৱনৰ পুৰোধা ড০ মহেন্দ্ৰ বৰা, কেশৱানন্দ দেৱগোস্বামী, নিৰ্মল চক্ৰৱৰ্তী, ভৰত পূজাৰী, প্ৰফুল্ল চন্দ্ৰ ভট্টাচাৰ্য, ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা, কবি ৰাম গগৈ, লক্ষ্যধৰ চৌধুৰী, ক্ষেত্ৰধৰ বৰগোহাঁই, নৱকান্ত বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ড০ লীলা গগৈ, নাহেন্দ্ৰ পাডুন, সতীশ চন্দ্ৰ চৌধুৰীৰ পৰা ড০ নগেন শইকীয়া আদিৰে দেউতাহঁতৰ উঠা-বহাই সেই ক্ষেত্ৰখনলৈও আমাৰ এক বুজাব নোৱাৰা টান আৰু আকৰ্ষণৰ জন্ম দিছিল। কৈশোৰতেই গঢ় লোৱা অসমীয়াত্বৰ গৌৰৱেৰে গৰ্বিত হৃদয় এখন লৈ জাতিটোৰ বাবে সমাজখনৰ বাবে কিবা এটা কৰাৰ এক হেঁপাহ, তীব্ৰ ইচ্ছা লৈ ওলাই আহিছিলোঁ। আৰম্ভ হৈছিল আমাৰ ৰাজহুৱা আৰু কৰ্মজীৱন। পিতৃ-মাতৃৰ পৰা শিকা জাতিপ্ৰেম, সমাজখনক ভাল পাবলৈ শিকা আদিক লৈ আগবঢ়া আমাৰ কৰ্ম আৰু সমাজ জীৱনত ক্ৰমান্বয়ে সংবাদ মাধ্যমৰ সৈতে পৰিচয় আৰু অধিক গাঢ় হ’ল। অধিক ওচৰৰ পৰা দেখা পালো ৰাজ্যৰ সংবাদ মাধ্যম। সংবাদ মাধ্যমৰ সৈতে জড়িত বন্ধু-বান্ধৱ বৃদ্ধি হ’ল। মতৰ আদান-প্ৰদানৰ সমানে যুক্তি-তৰ্কও চলি থাকিল পৰিস্থিতি সাপেক্ষে। মাজে-মধ্যে সৰুকৈ হ’লেও এটা নিজা সংবাদ প্ৰতিষ্ঠান আৰম্ভ কৰাৰ হেঁপাহ এটাই উক দি থকা হ’ল। অৱশ্যে ফলাফল, স্থায়িত্ব আদি ভিন্ন কথা চিন্তা কৰিয়েই তেনে হেঁপাহক একাধিকবাৰ থাপিথুপি থৈ দিয়া হৈছিল। কিন্তু ২০১৯ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহমানত এক বিশেষ সামাজিক পৰিস্থিতিত মন ডাঠ কৰি আগে থাপিথুপি থোৱা সপোনটোক ডাঙৰকৈ, দীঘলকৈ, মুকলিকৈ উশাহ ল’বলৈ এৰি দিয়াৰ সিদ্ধান্ত হ’ল। দুমাহ মানৰ প্ৰাথমিক কাম, পৰিকল্পনাৰ অন্তত ২০২০ চনৰ পহিলা মাৰ্চত আৰম্ভ হৈ গ’ল ND24। প্ৰথমে ডিজিটেল প্লেটফৰ্মত। বিশ্বত সেই সময়ত ক’ভিড 19ৰ ভয়াৱহতা। ২৪ মাৰ্চত দেশজুৰি ঘোষণা হ’ল লকডাউন। মহামাৰীৰ সংহাৰে সমগ্ৰ বিশ্বকেই স্তব্ধ কৰি পেলাইছিল। অথচ সেই সময়তে প্ৰথমে ছয়মাইলৰ এটা সৰু ঘৰ আৰু তাৰ পাছত পাঞ্জাবাৰীৰ আন এক অস্থায়ী স্থানত লাহে লাহে পোখা মেলিবলৈ আৰম্ভ কৰিলে ND24-এ।
ক’ভিড মহামাৰীৰ বিভীষিকাময় পৰিৱেশে বিশ্বলৈ আনি দিয়া স্তব্ধতা, গতিৰোধকতাক একাষৰীয়া কৰি এবছৰৰো কম সময়ৰ ভিতৰতেই ডিজিটেল পৰিসীমা অতিক্ৰমী ND24-এ খোজ পেলালে ছেটেলাইট জগতত। ‘সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত’ মূলমন্ত্ৰৰে ND24-এ ৰাজ্যবাসীৰ পৰা লাভ কৰা মৰম, আশীৰ্বাদ, সহযোগিতাই আমাক দিলে সমুখৰ দিশে আগুৱাই যোৱাৰ দূৰন্ত সাহস কিম্বা প্ৰেৰণা।
সামগ্ৰিকভাৱে ৫ বছৰ অতিক্ৰম কৰি ষষ্ঠ বছৰত ভৰি দিলে ND24-এ। এই ৫টা বছৰত সদাজাগ্ৰত সংবাদ মাধ্যম হিচাপে নিজ দায়িত্ব পালনত কোনোকালেই কোনো হীন-ডেঢ়ি অথবা আপোচকামী মনোভাৱৰ আশ্ৰয় নোলোৱাকৈ আগবাঢ়িছে ND24। এই ধাৰাবাহিকতা আগন্তুক সময়তো অব্যাহত ৰখাটোৱেই আমাৰ মূল আৰু প্ৰধান লক্ষ্য।

Share this!